Logo
image

অসমত বাঙালী হিন্দু ১০০% সুৰক্ষিতঃ মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ শিলচৰৰ প্ৰতিনিধি, ১ ছেপ্টেম্বৰঃ ‘অসমত বাঙালী হিন্দু ১০০ শতাংশই সুৰক্ষিত৷ মই মুখ্যমন্ত্ৰী হোৱাৰ পৰা বাঙালী হিন্দুৰ কি অসুবিধা হৈছে? আধাৰ কাৰ্ডৰ সমস্যা আছিল, সেই সমস্যাও মই সমাধান কৰি দিলোঁ৷ বাঙালী হিন্দু, অসমীয়া হিন্দু– সামগ্ৰিকভাৱে সকলোৱেই হিন্দু৷ বাঙালী হিন্দু, গুজৰাটী হিন্দু, তামিল হিন্দু, অসমীয়া হিন্দু– এই সংজ্ঞাটোৱেই ভুল৷ সকলো হিন্দু এক৷’ –এই ভাষ্য  মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ৷ দুদিনীয়া ভ্ৰমণসূচীৰে বৰাক উপত্যকালৈ যোৱা মুখ্যমন্ত্ৰী শৰ্মাই সোমবাৰে এইদৰে অভয়বাণী শুনালে হিন্দু বাঙালীসকলক৷ সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয়– ‘হিন্দুৰ মাজত বিভাজন কৰা উচিত নহয়৷ বাঙালী হিন্দু, অসমীয়া হিন্দু আদি বিভাজন কৰা উচিত নহয়৷ বৰাকত আধাৰ কাৰ্ডৰ সমস্যা আছিল৷ কিন্তু এতিয়া আধাৰ কাৰ্ডৰ সমস্যা নাই৷ যিসকল মুছলমানে ভাৰতক নিজৰ দেশ বুলি ভাবে তেওঁলোক আমাৰ লগত আছে৷ ভাৰতৰ সংস্কৃতি, ভাৰতৰ আইন মানি চলিব লাগিব৷ কিন্তু শিলচৰত থাকি বাংলাদেশৰ ৰেডিঅ’ শুনিলে নহ’ব৷ বৰাকত কোনো সমস্যা নহ’ব৷ আপোনালোকে দেখিব যে সকলো সমস্যা সমাধান হ’ব৷ সকলো সমস্যা সমাধানৰ দায়িত্ব মোৰ আৰু বিজেপিৰ৷ অসুবিধাবোৰক লৈ ৰৈ যোৱা নাই৷ বৰাক উপত্যকাৰ আৰু উন্নতি হ’ব৷ উন্নয়ন হ’ব আৰু নিৰাপত্তাও থাকিব৷ অসমত আমি ভিন ভিন ভাষিক গোটৰ বাঙালী-অসমীয়া-হিন্দীভাষী লোকসকলে পাৰস্পৰিক প্ৰেম আৰু সম্প্ৰীতিৰে জীয়াই থাকিব বিচাৰোঁ৷ বৰাকৰ বাঙালী হিন্দুসকলৰ আৰু কোনো সমস্যা নহ’ব৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে ইয়ালৈ অহাৰ সময়ত বহুতে আধাৰ কাৰ্ডৰ সমস্যাৰ কথা কৈছিল৷ সেই সমস্যাৰ সমাধান হৈছে৷ এইবাৰ বৰাকৰ বাঙালী হিন্দুৰ বাকী সকলো সমস্যাও সমাধান হ’ব, এয়া মোৰ প্ৰতিশ্ৰুতি৷ বনাঞ্চলৰ মাটিত যদি মিঞাসকলে বসতি স্থাপন কৰে, তেন্তে তেওঁলোককো উচ্ছেদ কৰা হ’ব৷’ দুদিনীয়া বৰাক ভ্ৰমণ কালতে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে বৰাক উপত্যকাতো অচিৰেই চৰকাৰী মাটি বেদখলৰ বিৰুদ্ধে আৰম্ভ হ’ব উচ্ছেদ অভিযান৷


১৬ হাজাৰ মহিলাক উদ্যমিতাৰ চেক দিলে মুখ্যমন্ত্ৰীয়ে
‘আমাৰ অসম’ৰ শ্ৰীভূমিৰ প্ৰতিবেদকঃ  সৱল মহিলা, সৱল সমাজ মহিলা উদ্যমিতা আঁচনি সভাত মুখ্যমন্ত্ৰী৷ ১৬হাজাৰ মহিলাক ১০,০০০কৈ টকা প্ৰদান কৰে৷ শ্ৰীভূমি জিলাৰ পাথাৰকান্দিৰ ১৬, ০০০ মহিলাক আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত সিড ফাণ্ডিঙৰ ১০,০০০ টকাৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ বৰাক উপত্যকাৰ সৰ্বাঙ্গীণ উন্নয়নৰ সপোন বাস্তৱায়ন কৰাত নাৰীয়ে আমাৰ চালিকাশক্তি৷ সমগ্ৰ ৰাজ্যৰ ৩৫ লক্ষাধিক মহিলাক ৩ বছৰত ৮৫,০০০ টকা সহায়তা প্ৰদানৰ মাধ্যমেৰে ‘লাখপতি বাইদেউ’ হিচাবে প্ৰতিষ্ঠিত কৰাৰ সংকল্প লোৱা হৈছে যাতে আমাৰ মাতৃশক্তি আত্মনিৰ্ভৰ হোৱাৰ লগতে পৰিয়ালক উন্নতিৰ পথত আগুৱাই নিব পাৰে৷ ১৭ছেপ্টেম্বৰৰ পৰা অৰুণোদয়ৰ বাবে ১২৫০ টকা আৰু গেছৰ বাবে ২৫০টটকা দিয়া হ’ব৷ ৰেচন কাৰ্ডত এক নৱেম্বৰৰ পৰা চেনি, নিমখ, আৰু দাইল দিয়া হ’ব৷ আপোনালোকে মোক শক্তি দিয়ক, মই আৰু কাম কৰিম৷ মেট্ৰিক দিয়ালৈকে ছাত্ৰ-ছাত্ৰীক মাহিলী ৩০০ টকাকৈ দিয়া হ’ব৷ কলেজত পঢ়া-শুনা কৰাৰ বাবে আমি দায়িত্ব ল’ম৷ সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীয়ে কয় তেওঁৰ ওচৰত কোনো হিচাপ নাই৷ দৈনিক বাংলাদেশী পঠিয়াই থকা হৈছে৷ চহৰৰ উন্মুক্ত সীমান্তৰ ফেন্সিঙৰ কাম হৈ যাব৷ কমলাক্ষক ৰাইজে য’ৰ পৰা ক’ব তাৰ পৰাই টিকট দিয়া হ’ব৷ মন্ত্ৰী কৃষ্ণেন্দু পালৰ টিকট নিশ্চিত৷ পাথাৰকান্দি সমষ্টিৰ পৰা কৃষ্ণেন্দু পাল পুনৰ বিজয়ী হ’ব বুলি উপস্থিত মহিলাসকলৰ পৰা প্ৰতিশ্ৰুতিও আদায় কৰে মুখ্যমন্ত্ৰীয়ে৷

আজি হোজাইলৈ মুখ্যমন্ত্ৰী
‘আমাৰ অসম’ৰ ডবকাৰ প্ৰতিবেদকঃ  কাইলৈ কেইবাটাও কাৰ্যসূচীত অংশ ল’বলৈ হোজাইলৈ আহিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ মুখ্যমন্ত্ৰীয়ে হোজাইলৈ আহি ইয়াৰ সদৰ ঠাই শ্ৰীমন্ত শংকৰদেৱ নগৰস্থিত ক্ৰীড়া সন্থাৰ খেলপথাৰত এক বিশাল সভাত অংশ ল’ব৷ সেই সভাতে মুখ্যমন্ত্ৰীয়ে মহিলা উদ্যমিতা আঁচনিৰ অধীনত ৩৩হাজাৰ মহিলালৈ ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰিব৷ শংকৰদেৱ নগৰৰ সভাখনৰ পিছতেই মুখ্যমন্ত্ৰীয়ে বিন্নাকান্দি সমষ্টিৰ ডবকাত ৰামকৃষ্ণ মিছনৰ দ্বাৰা স্থাপিত এটা মন্দিৰৰ শুভ উদ্বোধন কৰিব৷ লগতে তাতে মুখ্যমন্ত্ৰীয়ে পূজা-অৰ্চনাও কৰিব৷ তাৰ পৰাই মুখ্যমন্ত্ৰী গৈ উপস্থিত হ’ব হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত৷ হোজাইৰ সাগৰবস্তীত থকা বিশ্ববিদ্যালয়খনৰ নৱ-নিৰ্মিত চৌহদ পৰিদৰ্শন কৰাৰ লগতে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য সমন্বিতে ইয়াৰ প্ৰশাসনীয় বিষয়ববীয়াৰ লগত আলোচনাত মিলিত হ’ব৷ লগতে ছাত্ৰ-ছাত্ৰীৰ সৈতেও এক বৈঠকত অংশ ল’ব বুলি জানিব পৰা গৈছে৷ হোজাইত স্থাপন হ’বলগীয়া মেডিকেল কলেজৰ আধাৰশিলা কেতিয়া স্থাপন কৰিব, সেই কথা কাইলৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব বুলি হোজাইৰ ৰাইজে অধীৰ আগ্ৰহেৰে বাট চাইছে৷